সপোন
সপোনৰ দেশত উৰোঁ মই,
নীল আকাশত পাখি মেলি,
তৰা ডালিৰ সংগী হৈ,
আলোক বিচাৰি আগুৱাই চলি।
সপোন মোৰ এটি পথ,
উদ্যমে ভৰা সপোনৰ দলিচা,
য'ত আশা আৰু অধ্যৱসায়,
সাজে মোৰ জীৱনৰ তৰিচা।
ইঞ্জিনিয়াৰ হ'ব খুজোঁ মই,
সৃষ্টি কৰোঁ নতুন বিশ্ব,
বিদ্যুতৰ জ্যোতিষ্মান সোঁতত,
সজাওঁ মোৰ স্বপ্নৰ লিখন।
সপোন মোৰ এটি নদী,
নিশ্চুপ বয় হৃদয়ৰ সোঁত,
পাহাৰৰ বুকু চিৰি নাহে,
আলোকে ভৰা মোৰ সপোনৰ ৰথ।
সপোন মোৰ এটি গান,
বাতাসজাকত লহৰীয়া সুৰ,
অধ্যয়নৰ ছন্দত বাজে,
উজ্জ্বল হোৱাৰ মধুৰ নুৰ।
তুমি সপোন দেখিবা নেকি?
আশাৰ ফুলবন সাজিবা নেকি?
হৃদয়ৰ আগুন জ্বলাই,
সপোনটো সত্য বনাবা নেকি?
— নাৰজুমা বেগম
Comments
Post a Comment