প্ৰেমৰ সপোন


নিশাৰ তৰাত জ্বলে সপোন,

তোমাৰ চকুত দেখোঁ জীৱনৰ ৰঙ।

নিস্তব্ধ সন্ধ্যাত বতাহজাকে,

নিয়ে মোৰ হৃদয়ৰ সংগ।


তোমাৰ হাঁহিৰ জেউতি খিনি,

সুৰুযৰ পোহৰৰ নিচিনা।

নাজানো কিয় মন কয়,

তুমি মোৰ জীৱনৰ গান।


পৃথিৱীৰ সকলো সুখ-দুখ,

তোমাৰ আশাতে পাহৰি যাওঁ।

নিয়তিৰে যি পথ বয়,

তোমাৰ হাতত হাত মেলি লওঁ।


প্ৰেম মানে মাথোঁ অনুভৱ নহয়,

প্ৰেম মানে বিশ্বাস আৰু আশা।

তুমি যে মোৰ জীৱনৰ গান,

সেয়াই মোৰ হৃদয়ৰ ভাষা।


— নাৰজুমা বেগম



Comments



  1. "আপোনাৰ লেখা সত্যেই মনোমোহক। ভাব-বিষয়টো স্পষ্ট, ভাষাটোও সৌন্দৰ্যময়। আগলৈও এনে সৃষ্টিৰ বাবে শুভকামনা!"



    ReplyDelete

Post a Comment

Popular posts from this blog